কাজিৰঙাঃ আজি বিশ্ব গঁড় দিৱস৷ সমগ্ৰ বিশ্বৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কেন্দ্রস্থল মিহিমুখতো বিশ্ব গঁড় দিৱস ধুম-ধামেৰে পালন কৰা হয়৷ 

‘দ্য কৰবেট ফাউণ্ডেচন’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত কাজিৰঙা বনবিভাগে দিনযোৰা কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱস পালন কৰে৷ এই উপলক্ষ্যে অনুষ্ঠিত সজাগতামূলক সভাত ছাত্ৰ-ছাত্ৰীসকলক গঁড় সুৰক্ষা বিষয়ক শিক্ষা প্ৰদান কৰে বৰ্ণনা কৰে কাজিৰঙা বনবিভাগৰ বিষয়ববীয়া আৰু দ্য কৰবেট ফাউণ্ডেচনৰ নেতৃবৰ্গই৷ 

দতুপৰি আজি বিশ্ব গঁড় দিৱস উপলক্ষ্যে স্থানীয় ১০ খন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷