newsnextone.comবটদ্ৰৱা সমগ্ৰ বিশ্বতে আজি উদ্ যাপন কৰা হৈছে বিশ্ব ধপাত বিৰোধী দিৱস৷ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বিভিন্ন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয় বিশ্ব ধপাত বিৰোধী দিৱস ৷

বটদ্ৰৱা চৰকাৰী বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, বটদ্ৰৱা বৰভেটী প্ৰাথমিক বিদ্যালয়, বটদ্ৰৱা বৰভেটি মোক্তাৱ, বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়, বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা ভেটিয়নী প্ৰাথমিক বিদ্যালয়ৰ লগতে বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ত আজি বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে এই দিৱসটি পালন  কৰা হয় ৷

ধপাত সেৱনৰ ফলত হব পৰা বিভিন্ন মাৰাত্মক তথা দুৰাৰোগ্য ৰোগৰ সম্বন্ধে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰি সজাগতা সভাৰ আয়োজন কৰে৷

উল্লেখ্য যে, কেইবাখনো বিদ্যালয়ত আজি এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী সুন্দৰভাবে আৰু ছাত্ৰ-ছাত্ৰী প্ৰকৃতাৰ্থত লাভাম্বিত হোৱাকৈ ইন্টাৰনেটৰ সহায়ত মবাইল আদিৰ দ্বাৰাও ধপাত সেৱনৰ অপকাৰীতা সম্পৰ্কে ভিডিঅ' আদি প্ৰদৰ্শনৰ কৰি অতি গুৰুত্বসহকাৰে পালন কৰে যদিও বহু বিদ্যালয়ে ফটোছেচনৰ বাবেহে নিয়মমাফিক কাৰ্যসূচী পালন কৰি পাল মৰাও পৰিলক্ষিত হয়৷