
বটদ্ৰৱাঃ 'ছ'চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ'ৰ উদ্যোগত 'সাঁচিপতীয়া পুথি প্ৰস্তুতকৰণ আৰু শঙ্কৰী শৈলীত অঙ্কন' শীৰ্ষক এখনি পাঁচদিনীয়া ৰাজ্যিক পৰ্যায়ৰ আৱাসিক কৰ্মশালাৰ ৰবিবাৰৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷
শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ সভাঘৰত চলিবলগীয়া অতি গুৰুত্বপূৰ্ণ কৰ্মশালাখনি এগচি বন্তি প্ৰজ্বলনেৰে সোমবাৰে মুকলি কৰে শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে৷
ছ'চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা কৰ্মশালা মুকলি অনুষ্ঠানটোৰ আঁত ধৰি ছ'চাইটিৰ সাধাৰণ সম্পাদক মৃদু মৌচম বৰাই কৰ্মশালাটিৰ বিষয়ে বিশদভাৱে উপস্থিত ৰাইজক অৱগত কৰি সহায়-সহযোগিতা কামনা কৰে ৷
৬ জুলাইলৈ চলিবলগীয়া কৰ্মশালাত সাঁচিপাত প্ৰস্ততকৰণ আৰু ইয়াৰ বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ লগতে হেঙুল, হাইতাল আদিৰে ইয়াক প্ৰকৃত ৰূপত প্ৰস্ততকৰণৰ উপৰি শঙ্কৰী শৈলীত অংকনৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হব৷
ছ'চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সাধাৰণ সম্পাদক তথা ৰাজ্যখনৰ আগশাৰীৰ সাঁচিপতীয়া পুথি প্ৰস্ততকাৰক, সংৰক্ষক, শিল্পী মৃদু মৌচম বৰাই কৰ্মশালাটোত প্ৰশিক্ষণ দিব বুলি জানিব পৰা গৈছে ৷
শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সহযোগিতা আগবঢ়োৱা কৰ্মশালাত ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰ কেবাগৰাকীও আগ্ৰহী প্ৰশিক্ষাৰ্থীয়ে যোগদান কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷