
মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত নবিল পথাৰ গাঁৱত যোৱা ৮ মে'ৰ পুৱতি নিশা এটা প্ৰকাণ্ড বনৰীয়া হাতী অতৰ্কিতে আবিৰ্ভাৱ হৈ গাওঁখনৰ বাসিন্দা ভক্ত বাহাদুৰ ছেত্ৰীৰ কন্যা স্বপ্না ছেত্ৰীক প্ৰস্ৰাৱগাৰলৈ যোৱাৰ পৰত আক্ৰমণ চলাই মূৰ আৰু বুকুত গুৰুতৰভাৱে আহত কৰিছিল।
ইয়াৰ পিছত পৰিয়ালটোৱে ততালিকে ১০৮ সেৱাৰ সহায়ত আহত যুৱতীগৰাকীক তেজপুৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰায়। কিন্তু সেইদিনা কিছু সময়ৰ বাবে আহত যুৱতীগৰাকীক চিকিৎসালয়খনত ৰখাৰ পাছত পুনৰ গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত চিকিৎসকে ৰোগী গৰাকীক আই চি ইউত ভৰ্তি কৰে যদিও কোনো ধৰণৰ চিকিৎসা কাৰ্য আগবঢ়া দেখা নাপাই পৰিয়ালৰ লোকে পুনৰ ৰোগী স্বপ্না ছেত্ৰীক তাৰ পৰা আনি গুৱাহাটীৰ জি এন আৰ চিত ভৰ্তি কৰায়। ইয়াৰ পিছত দৈনিক চিকিৎসা খৰছ বৃদ্ধি হোৱাত গাঁৱৰ ৰাইজে দান-বৰঙণি সংগ্ৰহ কৰি চিকিৎসাৰ খৰছ বহন কৰে।
ইফালে বন বিভাগ থকাৰ পাছতো আজিকোপতি দুৰ্ভগীয়া পৰিয়ালটোক কোনো ধৰণৰ আৰ্থিক সাহায্য প্ৰদান নকৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে WWF (ইণ্ডিয়া)ৰ তেজপুৰ কাৰ্যালয় কৰ্তৃপক্ষই আজি দুৰ্ভগীয়া পৰিয়ালটোৰ নবিল পথাৰ গাঁৱৰ ঘৰত উপস্থিত হৈ ২০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে।
তেজপুৰ কাৰ্যালয় WWF (ইণ্ডিয়া)ৰ সমন্বয়ৰক্ষী হিতেন বৈশ্য, প্ৰকল্প বিষয়া দ্বয় ডেভিড স্মিথ, সুনিত দাসে পৰিয়ালটোলৈ আগবঢ়োৱা চেক প্ৰদান অনুষ্ঠানত ওচৰ-চুবুৰীয়াৰ উপৰি শিক্ষকদ্বয় তোলন চন্দ্ৰ নাথ , কিশোৰ নাথ, গাওঁৰক্ষী বাহিনীৰ সম্পাদক গংগা চুব্বা, কৃষ্ণ ছেত্ৰী আদি উপস্থিত আছিল। WWF ৰ তৰফৰ পৰা দুৰ্ভগীয়া পৰিয়ালটোলৈ আৰ্থিক সাহায্য আগবঢ়োৱা কাৰ্যক অঞ্চলটোৰ ৰাইজে শলাগ লৈছে।