09
Dec
2017

মোৰাঝাৰঃ ঘৰৰ পৰা টিউচন কৰিম বুলি ওলাই গৈ উভতি অহা নাই এগৰাকী ছাত্ৰ৷ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰগৰাকী ঘৰলৈ উভতি নহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাইৰ দংকী অঞ্চলত৷ হোজাইৰ দংকী গাঁৱৰ প্ৰয়াত জহিৰ আহমদৰ পুত্ৰ য়াচিৰ আহমেদ (১৪) যোৱা ৩০ ঘন্টা ধৰি নিৰুদ্দেশ হৈ আছে৷
হোজাইৰ মৰ্কজ একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰ য়াচিৰে দিনৰ প্ৰায় ৪ বজাত ঘৰৰ পৰা কিছু নিলগৰ টিউচন কেন্দ্ৰত টিউচন কৰিবলৈ গৈছিল৷ তাৰ পিছৰ পৰা ছাত্ৰগৰাকী নিৰুদ্দেশ হৈ আছে৷ পৰিয়ালৰ লোকে চৌদিশে বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ পোৱা নাই৷ ছাত্ৰগৰাকীৰ সন্ধান পালে হোজাই থানা নাইবা 8753917595 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনায়৷