
ডিজিটেল ৰিপৰ্টঃ বুদ্ধিমত্তা, মন, আৱেগ আৰু ইচ্ছাশক্তি- এই আটাইবোৰলৈ অনুশাসন আনি সুশংখলাবদ্ধ কৰিব পৰা অভ্যাসটোৱে হৈছে যোগাভ্যাস। নলবাৰীত অান্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয়। শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভালেমান গণ্য-মান্য ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে। একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিশ্ব যোগ দিবস।
ৰঙিয়া শিৱ মন্দিৰ বাকৰিত মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত যোগ দিবসৰ কাৰ্যসূচীত শতাধিকৰ উপস্থিতি। বন্তি প্ৰজ্জলন, যোগ প্ৰদৰ্শন, আলোচনা চক্ৰ তথা সাংস্কৃতিক অনুষ্ঠানেৰে সমৃদ্ধ যোগ দিবসৰ কাৰ্যসূচী। অনুষ্ঠানত সেনা বিষয়াৰো অংশগ্ৰহ্ণ। হৰিদ্বাৰৰ সেৱাব্ৰতী অমলেন্দুৰ যোগ প্ৰদৰ্শন। কাৰ্যসূচীত ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগুৰ অংশগ্ৰহণ।
চাবুৱাৰ লাহোৱাল শিক্ষাখণ্ডৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। বিদ্যালয়ৰ দ্বিতীয় সাময়িকী মূল্যায়ন চলি থকাৰ মাজতেই দিৱস উদযাপন।
তেজপুৰৰ নেহৰু ময়দান, চিত্ৰবন বাকৰি, দৰং মহাবিদ্যালয়ৰ খেলপথাৰত যোগ দিৱস পালন। পুৱা ৬-৩০ বজাত চিত্ৰবন বাকৰিত ক্ৰীড়া ভাৰতী,৭ বজাৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত যোগ দিৱস উদযাপন। নেহৰু ময়দানৰ কাৰ্য্যসূচীত শোণিতপুৰ জিলা উপাযুক্ত মনোজ কুমাৰ ডেকা, জিলাখনৰ সাহিত্য সভাৰ সভাপতি স্বাধীনতা মহন্তৰ লগতে জিলাখনৰ উচ্চ পদস্থ বিষয়াৰ অংশগ্ৰহণ।
ওৰাঙৰ ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগণত ৰাতিপুৱা ৬ বজাৰ পৰা অান্তঃৰাষ্ট্ৰীয় যোগ দিবসৰ সৈতে সংগতি ৰাখি ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনচিচি গোটৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ। স্থানীয় লোক আৰু বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী উপস্থিতিত ভূপেন শৰ্মাই যোগ শিক্ষা প্ৰদান। ওৰাঙৰ উদয়ন কৃষ্টি সংঘ, বিজেপি যুৱ মৰ্চা মাজবাট মণ্ডলৰ সহযোগীতাত সফল কাৰ্যসূচী।
বটদ্ৰৱাতো যোগ দিবস উদযাপন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত অান্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন। পুৱা ৭ বজাৰপৰা আৰম্ভ হোৱা অ্নুষ্ঠানটোত জ্যেষ্ঠ নাগৰিকৰ লগতে কন কন ছাত্ৰ-ছাত্ৰীৰো অংশগ্ৰহণ।
দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত আৰু দেওমৰনৈ মহাবিদ্যালয়ৰ উদ্যোগত বিবেকানন্দ কেন্দ্র কন্যাকুমাৰীৰ আৰু দেওমৰনৈ সেনা চাউনীৰ সহযোগত যোগ দিৱস পালন। অনুষ্ঠানৰ আঁত ধৰে বিবেকানন্দ কেন্দ্ৰ মংগলদৈৰ সহ নগৰ প্ৰমূখ প্ৰফুল্ল দেৱ শৰ্মাই। যোগৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা বাখ্যা কৰে দেওমৰনৈ সেনা চাউনীৰ মেজৰ মংগে। যোগত অংশ লয় অৰুপ কুমাৰ বৰা নগৰ প্ৰমুখ মংগলদৈ, ব্যৱস্থাপক ৰতন ঘোষ, মুখ্য সংযোজক মুকুট কুমাৰ। যোগৰ নিৰ্দেশনা প্ৰদান কৰে বিবেকানন্দ কেন্দ্ৰৰ সংযোজক দাদুল দাসে।
বঙাইগাওঁ জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মানিকপুৰ সাপ্তাহিক বজাৰ গৃহত মানিকপুৰ উন্নয়ন খণ্ড আৰু মানিকপুৰ গাঁও পঞ্চায়তৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস পালন। পুৱা ৭ বজাত বন্তি প্ৰজ্বলন কৰে মানিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে। যোগ পৰিচালনা কৰে পতঞ্জলি যোগ সমিতিয়ে।
বৰপেটা জিলাৰ বাঘবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আলোপটিস্থিত ড০ জাকিৰ হুছেইন উঃমাঃ বিদ্যালয়তো যোগ দিৱস পালন। বিদ্যালয়খনৰ অধ্যক্ষ এম আব্দুল মজিদে যোগ সম্পৰ্কে তাৎপৰ্য বাখ্যা কৰে।
ঢেকীয়াজুলিৰ মিছামাৰীস্থিত ভাৰতৰ দ্বিতীয় বৃহৎ সেনা চাউনীত যোগ দিৱস পালন। সেনাৰ ব্লেজিং চৌৰড ডিভিজনে অনুষ্ঠিত কৰা যোগৰ অনুষ্ঠানটি পুৱা ৬ বজাৰ পৰা অাৰম্ভ হয়৷ প্ৰায় এহেজাৰ সেনা জোৱানৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গই এঘন্টাজোৰা যোগৰ কৰ্মশালাত অংশ গ্ৰহণ কৰে৷ যোগৰ এই অনুষ্ঠানটি পৰিচালনা কৰে ডিব্ৰুগড়ৰ আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ সঞ্চালক হেমন্ত গগৈয়ে৷ সেনা বাহিনীৰ তেজপুৰ ফ’ৰ ক’ৰৰ জি অ’ চি বিষয়া মেজৰ জেনেৰেল পি এন আনণ্ঠনাৰায়ণনে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে যোগাভ্যাসে মানুহৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ সৱল কৰি ৰাখে৷
অভয়াপুৰীৰ উত্তৰ শালমাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত তৃতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। অভয়াপুৰী কলা পৰিষদ ভৱনত পুৱা ৬ বজাৰ পৰা আৰম্ভ এই কাৰ্যসূচী। মহকুমাধিপতি অম্বমুদন এম পিৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় যোগ দিৱসৰ কাৰ্যসূচী। যোগ দিৱসৰ কাৰ্যসূচীত মহুকুমাৰ প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে প্ৰায় ত্ৰিশতাধিক ৰাইজৰ অংশ গ্ৰহণ।