
নাওকাটাঃ বিটিএডিৰ বাক্সা জিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত আৰু জিলা মহিলা সমিতি, যুৱ ভাৰত সমিতি, ভাৰত স্বাভিমান ন্যাস আৰু কিষান যোগ সেৱা সমিতিৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ৷
৯-২৭ জুলাইলৈ স্থানীয় দুৰ্গা পূজা প্ৰেক্ষাগৃহত চলিবলগীয়া ১০০ ঘন্টীয়া সহঃ যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ আজি পুৱা ৪ বজাত পতাকা উত্তোলনেৰে শুভৰাম্ভ কৰে বাগছা জিলা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী চত্ৰ বাহাদুৰ মহন্তই৷
৪-১৫ বজাত বন্তি প্ৰজ্বলন কৰে পৰিচালনা সমিতিৰ সভাপতি তথা শিক্ষক ৰবীন্দ্ৰ কুমাৰ ডেকাই৷ ৪-৩০ বজাত যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰে নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবি ৰাম ব্ৰক্ষ্মই৷
বৰ্তমান সমাজৰ ভোগ বিলাসী জীৱন যাত্ৰাৰ ফলত শাৰিৰীক, মানসিক দুঃচিন্তাই ক্ৰিয়া কৰিছে মানুহক৷ মানুহক চিন্তাৰ পৰা মুক্ত হ’বলৈ নিয়মীয়া যোগ, ধ্যাণ, প্ৰাণায়াম অাদিৰ চৰ্চা কৰিবলৈ আহ্বান জনায় অধ্যক্ষ ৰবিয়ে৷
৪-৪৫ বজাত সহঃ শিক্ষক-প্ৰশিক্ষাৰ্থী সকলক যোগ, ধ্যাণ, প্ৰাণায়ামৰ অনুশীলন চৰ্চ্চা কৰে জিলা প্ৰভাৰী চত্ৰ বাহাদুৰ মহন্ত, জিলা যুৱ ভাৰতৰ প্ৰভাৰী ধ্ৰুৱজ্যোতি ডেকা আৰু সহযোগী শিক্ষক সকলে৷ উল্লেখ্য যে আজি গুৰু পূৰ্ণিমাৰ লগত সংগতি ৰাখি ৰাতিপুৱা ৬-৩০ বজাত হোমযজ্ঞও কৰা হয়৷ শিবিৰত অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক যুৱক-যুৱতী আৰু পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰে৷