
ধনশিৰিঃ যোগ স্বাস্থ্যৰ বাবে উপকাৰী৷ যাৰ বাবে ৰাজ্যত এতিয়া যোগ শিবিৰৰ আয়োজন কৰি আহিছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে৷ গোলাঘাট জিলাৰ সৰুপথাৰ মহাবিদ্যালয়ত যোৱা ১৮ জুলাইৰ পৰা তিনিদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ২২সংখ্যাক যোগ প্ৰতিযোগিতা৷ প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ ৫৩৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
অসম, অৰুণাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িষা, পশ্চিমবংগ, মণিপুৰ, ঝাৰখণ্ড, হাৰিয়ানা, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাই অংশ লয় এই প্ৰতিযোগিতাখনত। পুৰুষ-মহিলাৰ মুঠ ১০টা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন ২০ জুলাইত সমাপ্ত পৰে।
প্ৰতিযোগিতাখনত ধনশিৰি জিলা ফিজিক এছ'ছিয়েশ্যনৰ প্ৰতিযোগীয়ে অসমক প্ৰতিনিধিত্ব কৰিছিল। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ধনশিৰি যোগ এচ'ছিয়েচনৰ ৩৫-৫০ বছৰ বয়সৰ শাখাত হেমন্ত বৰাই সোণৰ পদক আৰু উদয় শংকৰ শৰ্মাই ৰূপৰ পদক লাভ কৰে। মহিলাৰ ৩৫-৬০ বছৰ বয়সৰ শাখাত শিল্পীকা সোণোৱালে ব্ৰঞ্জৰ পদক, ছোৱালীৰ ১৩-১৮ বছৰ বয়সৰ শাখাত ৰশ্মি মুৰ্মূয়ে ৰূপৰ পদক, প্ৰিয়া শ্ৰেষ্ঠাই ব্ৰঞ্জৰ পদক আৰু লীজা বৰাই ব্ৰঞ্জৰ পদক লাভ কৰে। অন্যহাতে ৮বছৰ বয়সৰ শাখাত অৰ্জিতা শইকীয়াই ষষ্ঠ স্থান লাভ কৰে।
ধনিশিৰি ফিজিক এছ'চিয়েছনৰ মোহন গগৈ, ৰঞ্জন ঠেঙালক "শিৰোমণি" পুৰস্কাৰে সন্মানিত কৰা হয়। প্ৰতিযোগিতাখনত ৰাজ্যখনৰ হৈ প্ৰতিনিধিত্ব কৰি পদক লাভ কৰা সমুহ খেলুৱৈক ধনশিৰি মহকুমাৰ মহকুমাধিপতি বিপুল দাসে শুভেচ্ছা জ্ঞাপন কৰিছে।