চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিত সোমবাৰে এটি যোগা প্ৰশিক্ষন কেন্দ্ৰ মুকলি কৰা হয়৷ চামগুৰিত যোগ প্ৰেৰণা-দ্যা যোগা চেন্টাৰ নামৰ যোগ প্ৰশিক্ষণটো কেন্দ্ৰটো উদ্বোধন কৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই৷

প্ৰাক্তন সাংবাদিক তথা যোগ প্ৰশিক্ষক ৰেখামনি দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোৰ মুকলি সভাত সভাপতিত্ব কৰে অসম যোগ সন্থাৰ সভাপতি প্ৰভাত চন্দ্ৰ বৰাই। অনুষ্ঠানত শিশু অৰ্চিত বৰা, প্ৰজ্ঞানজ্যোতি বৰা, কৃষ্টি হাজৰিকা, জাগৃতি শৰ্মাৰ লগতে বনশ্ৰী বৈৰাগী, প্ৰণামী হাজৰিকা, চয়ানিকা শৰ্মাই যোগ প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

বাজিয়াগাঁও খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱা, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মন অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ দাস, বৰপেটাৰ তথা বৰ্তমান কলকাতাৰ তুলজিৎ দাস, উদমাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক কালিৰাম সোনাৰী, উদমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আদিত্য বৰদলৈকে ধৰি বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।