21
Jun
2017

কোকৰাঝাৰঃ সমগ্ৰ বিশ্বৰ লগতে আজি কোকৰাঝাৰতো পতঞ্জলী যোগপীঠৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়৷
কোকৰাঝাৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয় খেলপথাৰত তৃতীয় সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পুৱা ৬ বজাত শোভাযাত্ৰাৰে শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে৷
ইয়াৰ পিছতে বন্তি প্ৰজ্জ্বলনৰে সমূহীয়া যোগৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে৷ যোগাসনত আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ ব্ৰহ্মকে ধৰি পতাঞ্জলি যোগ সমিতিৰ কোকৰাঝাৰ জিলা সমিতিৰ কৰ্মকৰ্তা, বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক, চৰকাৰী কৰ্মচাৰীৰ উপৰিও আৰক্ষীয়েও অংশ গ্ৰহণ কৰে৷