হোজাইঃ  ৯৮তম অসম প্ৰদেশিক যোগী সন্মিলন অহা অক্টোবৰ মাহৰ ২৮ আৰু ২৯ তাৰিখে দুদিনীয়া কার্যসূচীয়ে হোজাইত অনুষ্ঠিত হ’ব। দেওবাৰে হোজাই যোগীজান খণ্ড উন্নয়ন কাৰ্য্যালয়ৰ সভাগৃহত সভাপতি নিতাই দেৱ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যবাহী সভাত এই কথা সদৰি কৰা হয়৷

উক্ত সভাত হোজাই জিলাৰ জিলাপৰ্য্যায় প্ৰতিনিধি সকলৰ লগতে জিলাখনৰ মুঠ ৯ টা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সকল উপস্থিত থাকে৷ ইয়াৰ উপৰিও ৰাজ্যিক ভিত্তিৰ প্ৰদেশিক যোগী সন্মিলনীৰ সভাপতি ডঃ অৰুণ কুমাৰ বৰা, প্ৰদেশিক যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধীৰেন নাথ, নাথ যোগী জাতীয় পৰিষদৰ সভাপতি কিৰ্তী নাথ, প্ৰাদেশিক যোগী সন্মিলনীৰ উপ সভাপতি উদয় চন্দ্ৰ নাথ আৰু নাথ যোগী জনজাতি আৰু স্বায়ত্ব দাবী পৰিষদৰ সভাপতি ডম্বৰুধৰ নাথৰ লগতে নাথ যোগী ছাত্ৰ পৰিষদৰ সভাপতি লক্ষণ নাথ উপস্থিত থাকে।

উক্ত সভাতে আগন্তুক হোজাইত হ’বলগীয়া  ৯৮তম অসম প্ৰাদেশিক যোগী সন্মিলনখনৰ পৰিচালনাৰ বাবে এখন পূৰ্ণাংগ সমিটি গঠন কৰা হয়। কেইবাটাও আঞ্চলিকৰ পৰা অহা বিষয়ববিয়া সকলৰ পৰা নিৰ্বাচিত হোৱা অবৰ্ধনা সমিতিৰ সঞ্জীৱ দেৱ নাথক সভাপতি আৰু লিটু মণি নাথক সম্পাদক হিচাপে সভাত নিয়োজিত কৰা উপৰিও বিমল নাথ, প্ৰবীৰ নাথ আৰু দীপ্তি নাথক উপ সভাপতি হিচাপে নিয়োজিত কৰা হয়৷ লগতে সুভাষ দেৱ নাথ, শ্ৰুতিৰাজ নাথ আৰু মৃগেন কাকতিক সহ সম্পাদক হিচাপে দায়িত্ব দিয়া হয়।

ইয়াৰ উপৰিও সভাই পূৰ্ণাংগ ভাবে কৰ্ণধাৰ কমিটি এখন গঠন কৰে। কৰ্ণধাৰ কমিটিৰ সদস্য সকল ক্ৰমে নিতাই দেৱ নাথ, আস্তিক নাথ, সঞ্জীৱ নাথ, লিটু মণি নাথ, অৰ্চনা নাথ, স্বপন দেৱ নাথ আৰু প্ৰভাত চন্দ্ৰ চৰকাৰ। উক্ত সভাত ৰাজ্যিক পৰ্য্যায় সকলো বিষয়াই আহিবলগীয়া সন্মিলন খনৰ ওপৰত বহু মূল্যবান বক্তৃতা প্ৰদান কৰে। লগতে ২৮ আৰু২৯ অক্টোবৰত হ’বলগীয়া সন্মিলন খনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে।