কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলাৰ আৰক্ষী আৰু সেনা বাহিনীৰ ১৭নং ডোগ্ৰা বাহিনীয়ে যৌথ অভিযান চলাই বৃহস্পতিবাৰে গোসাইগাঁও মহকুমাৰ যমূণাটাৰী গাঁৱৰ পৰা অস্ত্ৰ সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। 

তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত যমূণাটাৰী গাঁৱৰ বাসিন্দা ৰমজান আলীৰ পুত্ৰ জাজি ৰহমান(২১) জিন্মাৰ পৰা আৰক্ষীয়ে ৭.৬৫ এমএম পিষ্টল দুটা, চাৰিটা মেগজিন আৰু বহুতো আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে। 

দীৰ্ঘ দিন ধৰি যুৱকজনে অবৈধ অস্ত্ৰৰ বেপাৰ কৰি থকাৰ গোপন তথ্য লাভ কৰি যৌথ অভিযান চলাই যুৱকজনক আটক কৰা বুলি কয় জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে।