newsnextone.com | ডিফুঃ সমগ্ৰ দেশত পালন কৰি অহা ‘ৰোজগাৰ মাংগে ইণ্ডিয়া’ কাৰ্যসূচী শনিবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত আইছা আৰু আৰৱাইএৰ যৌথ উদ্যোগতো পালন কৰা হয়৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফু চহৰত ৰাষ্ট্ৰীয় অভিযান ‘ৰোজগাৰ মাংগে ইণ্ডিয়া’ৰ অধিনত অনুষ্ঠিত হোৱা ছাত্ৰ আৰু যুৱ অভিৱৰ্তনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে অল ইণ্ডিয়া ষ্টুডেণ্টচ এছোছিয়েচন চমুকৈ আইছাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী তথা জেএনইউৰ প্ৰাক্তন সভানেত্ৰী সূচীতা দে'ই৷ পাৰ্বত্য জিলা কেইখনৰ ছাত্ৰ আৰু যুৱক-যুৱতীসকলক শিক্ষা, চাকৰি, সংৰক্ষণ আদিত বিজেপি চৰকাৰে বঞ্চনা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি বিজেপিয়ে দেশত সুশাসনৰ নামত ঘৃণা আৰু প্ৰৱঞ্চনাৰ ৰাজনীতি কৰিছে বুলি কয়৷

পুৱাই ডিফু চহৰৰ মাজেৰে উলিওৱা সমদলত আইছা আৰু আৰৱাইএৰ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ কেন্দ্ৰ-ৰাজ্য আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত বিজেপিৰ শাসন থকাৰ পিছতো স্বায়ত্ত ৰাজ্য প্ৰদানৰ সদিচ্ছা নথকাৰ বাবেই নিৰ্বাচনৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰি পাহাৰীয়া ৰাইজক প্ৰঞ্চনা কৰিলে বুলি কয় সূচীতা দে'ই৷ বহুজাতিক কোম্পানীৰ সৈতে থকা সু-সম্পৰ্কৰ বাবে জিলাখনৰ বনাঞ্চল, জলখণ্ড আদি সহজতে এৰি দি ভূমিপুত্ৰসকলৰ সংস্থাপন আৰু বসবাস কৰাৰ সময়তে জীৱ জন্তৰ সুৰক্ষাৰ বাবে ইক’ছেনছেটিভ জ’নৰ কথাৰ আলমলৈ উচ্ছেদৰ ভাবুকি প্ৰদান কৰা হৈছে৷

ডিফুস্থিত অসম বিশ্ব বিদ্যালয় চৌহদত সংৰক্ষণ আৰু স্থায়ী নিযুক্তি নোহোৱাৰ লগতে বিশ্ববিদ্যালয়খনত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ হৈছে বুলি অভিযোগ কৰে৷ বিজেপি চৰকাৰৰ আমোলত দেশজুৰি ঘৃণাৰ পৰিৱেশ বিয়পাই দিয়াৰ লগতে গণ প্ৰহাৰত হোৱা মৃত্যুৰ সংখ্যা বাঢ়িছে সেয়ে এনেবোৰ অনিয়মৰ বাবে আইছা আৰু আৰৱাইএ বলিষ্ঠ ভাৱে পাহাৰীয়া ৰাইজৰ পক্ষত থিয় দিব বুলি কয় সূচীতা দে'ই৷ আনহাতে আৰৱাইএৰ হিল্টন সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জিত ক্ৰামছাই কয় যে বিজেপিয়ে পাহাৰীয়া জিলাখনত ভোটৰ ৰাজনীতি কৰাৰ বাবে নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শীৰ্ষ নেতৃত্বই দিয়া প্ৰতিশ্ৰুতি পাহৰি স্বায়ত্ত ৰাজ্য দিয়াৰ কথা অস্বীকাৰ কৰিছিল৷

এফালে মেডিকেল কাউঞ্চিল অফ ইণ্ডিয়াই ডিফুত নিৰ্মিয়মান হিলছ মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰিছে আনফালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে মেডিকেল কলেজখন ডিফুত আৰম্ভ হ’ব বুলি কোৱাটো হাস্যকৰ বুলি কটাক্ষ কৰে৷ এএছডিচি, চিপিআইএমএলৰ শাসন কালত জিলাখনৰ খিলঞ্জীয়া ৰাইজক বিনামূলীয়া পট্টা দিয়া হৈছিল যদিও বৰ্তমান চৰকাৰ খন ইক'ছনছেটিভ জ'নৰ নামত ভূমিৰ পৰা উচ্ছেদ কৰাৰ ভাবুকি দিছে৷ সেয়ে পাহাৰৰ ৰাইজে বিজেপিক সমাগত নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব৷ অভিৱৰ্তনত আইছাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী সূচীতা দে’, চিপিআই এম হিলছ পাৰ্টিৰ সাধাৰণ সম্পাদক ৰবি কুমাৰ ফাংচ’ আৰৱাইএ হিলছ সমিতিৰ আৰু ৰাষ্ট্ৰীয় সম্পাদক ছোটন মজুমদাৰ আইছাৰ হিলছ সমিতিৰ সম্পাদক ৰঞ্জিত ক্ৰামছা আৰু এইছ এছ ডি চিৰ সাধাৰণ সম্পাদক লাইচেন ইংলেং উপস্থিত থাকে৷