
newsnextone.com | চাবুৱা/ডিব্ৰুগড়ঃ দীৰ্ঘ দিন ধৰি মেৰামতিৰ অভাৱত ৰাজ্যৰ ঘাইপথ সমূহত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ জহি-খহি যাবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন ঘাইপথৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ ডিব্ৰুগড় চহৰৰ মাজেৰে পাৰ যোৱা হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকাণ্ড প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে গাড়ী-মটৰ চলাব পৰা পৰিবেশ নোহোৱা হৈছে৷ নিতৌ পথটোত দুৰ্ঘটনা সংঘটিত হৈ মানুহ ঘূণীয়া হ’ব লগা হৈছে৷ বিভিন্ন দল-সংগঠনে সময়ে সময়ে পথটো মেৰামতি কৰিবলৈ দাবী জনাই আহিছে যদিও খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক বিনোদ হাজৰিকাই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ হয়৷
এইবাৰ ৰাজ্য বিভিন্ন প্ৰান্তৰ ঘাইপথ, আন আন জৰাজীৰ্ণ পথ সমূহৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে৷ জৰাজীৰ্ণ ঘাই পথ, উপ-পথ সমূহৰ কদৰ্য অৱস্থাৰ বাবে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ পৰাই প্ৰতিবাদ আৰম্ভ কৰে কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে৷
মঙবাৰে চাবুৱা নগৰত শতাধিক যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ‘মুখ্যমন্ত্ৰীৰ নিদ্ৰা ভংগৰ আহ্বান’ শীৰ্ষক ৮ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কাৰ্যসূচী ৰূপায়ন কৰি কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে ৰাষ্ট্ৰীয় ঘাইপথ সমূহ মেৰামতি কৰাৰ দাবী জনায়৷ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদৰ্য অৱস্থাৰ বাবে যুৱ কংগ্ৰেছে তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীক৷
অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য উপস্থিত হৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথ চোৱা অতি শোচনীয় বুলি কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মন্তব্য প্ৰকাশ কৰে৷ চাবুৱা বিধান সভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব নকৰিলেও লোকসভা সমষ্টি লখিমপুৰৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সময়ত ৰাজ্যৰ উন্নয়নৰ বাবে দহ হেজাৰ কোটি টকা দিয়া বুলি সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা কাৰ্যক কটাক্ষ কৰে ৰিপুণ বৰাই৷ ইয়াৰ উপৰিও বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰষুণৰ দৰে অসমলৈ টকা অহা বুলি কৈ অহাৰ সময়ত সেই টকাবোৰ কলৈ গ’ল বুলি প্ৰশ্ন উত্থাপন কৰে বৰাই। মিছা কথাৰে ৰাইজক বুৰ্বক বনাই চৰকাৰ চলাই থাকিম বুলি ভবা চৰকাৰ আখ্যা দিয়ে বৰাই৷
নৰেন্দ্ৰ মোডীয়ে ডিজিটেল ইণ্ডিয়া আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা কয়৷ সেই সময়ত মুখ্যমন্ত্ৰী গৃহ সমষ্টি চাবুৱাত অলপ শিলগুটি আৰু বিতুমিণ ঢালি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা কতো, কোনোকালে দেখা নাই বুলি কৈ ৰাজ্য চৰকাৰক সমালোচনা কৰে অপূৰ্ব ভট্টাচাৰ্যই৷ দেশৰ নিৰাপত্তাজনীত কাৰণত ভাৰত-চীন সীমান্ত সংযোগী ডিব্ৰুগড় আৰু ধলা শদিয়া সংযোগী পথ চোৱা অতি গুৰুত্বপূৰ্ণ বুলি কয় ভট্টচাৰ্যই৷ তৎস্বত্বেও পথটোত এখন সাধাৰণ গৰু গাড়ীও চলিব নোৱাৰা অৱস্থা হৈছে বুলি কৈ চৰকাৰ খন ভাষণতহে এক্সপাৰ্ট, কামত নহয় বুলি কটাক্ষ কৰে ভট্টাচাৰ্যই।
প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে চৰকাৰ খনৰ কাম কৰাৰ অভিজ্ঞতা নাই বুলি কয়। কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ক্ৰমে চাৰি আৰু দুটা বছৰ পাৰ কৰাৰ পিছতো ভাষণবাজীৰে সময় পাৰ কৰিছে বুলি কৈ উন্নয়নমূলক কামবোৰ কেতিয়া কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে। আনফালে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময় আহি পৰিছে তাৰ পিছতো আন এটা নিৰ্বাচন সময় আহি থাকোঁতে কাম বোৰ কৰাৰ সময় উকলি যোৱা বুলি ৰাজু চাহুৱে মন্তব্য প্ৰদান কৰে।
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে প্ৰথমবাৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিত উপস্থিত হৈ বাট-পথৰ দুৰৱস্থাই প্ৰমাণ কৰে ৰাজ্যৰ উন্নয়ন কিমান হৈছে বুলি কয়৷ যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা ধৰ্মঘটত চাবুৱাৰ যুৱ কংগ্ৰেছৰ সভাপতি পুলকেশ শইকীয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাৰ বাবে ৰাজ্য চৰকাৰক সমালোচনা কৰে।