গোগামুখঃ একৈশ শতিকাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ সংগী হ’ব খোজে অসমৰ ছাত্ৰ-ছাত্ৰী৷ নতুনত্বৰ সপোণক ফলিযাব খোজে৷

দেশৰ বাবে দহৰ হকে কাম কৰি সমাজৰ মঙ্গল কৰিব খোজে  অসমৰ ছাত্ৰ-ছাত্ৰীয়ে৷ সততে অসমৰ যুৱ সমাজ উশৃংখল বুলি বদনাম কৰাৰ চেষ্টা কৰা হয় যদিও বানে ধোৱা ধেমাজি জিলাৰ বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসে প্ৰমাণ কৰিলে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে শৃংখলতা বজাই ৰাখিব জনাই নহয় দায়িত্ব পালন কৰিবও জানে৷

‘পৰিবৰ্তন’ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আৰু ধেমাজি জিলাৰ বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়৷ মহাবিদ্যালয়ৰ খনৰ প্ৰাংগনত অনুষ্ঠিত যুৱ দিৱসত যুৱ সমাজ কি দৰে আগবাঢ়িব তাৰ বিষয়ে পুংখানুপুং ভাবে আলোচনা কৰা হয়৷

আন্তঃৰাষ্ট্ৰয় যুৱ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত আলোচনা সভাত জিলাখনৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰৱক্তা, অধ্যক্ষৰ লগতে কেইবাজনো সমাজ কৰ্মী উপস্থিত থাকে৷

ছাত্ৰ-ছাত্ৰীয়ে গীত-মাত পৰিবেশন কৰি সকলো দায়িত্ব নিয়াৰিকৈ পালন কৰি নিজ দায়িত্ব পালন কৰে৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে সমাজত শান্তি আৰু উন্নয়ণ প্ৰতিষ্ঠা হোৱাটো কামনা কৰাৰ লগতে ভৱিষ্যতে শান্তি আৰু উন্নয়ণৰ বাবে কাম কৰাৰ ইচ্ছা পৰ্কাশ কৰে।