
বাহাকাবাৰীঃ নগাঁৱৰ কামপুৰত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, চৰাইদেউ জিলাৰ সাপেখাইটিৰ সুনীল পাটৰ নামৰ যুৱকজন তামিলনাডুত কৰ্মৰত আছিল৷
কিন্তু কৰ্মস্থলীৰ পৰা ঘৰলৈ ৰেলেৰে আহি থকা যুৱকজনৰ মৃতদেহ আজি লাওপানী ষ্টেচনক পৰা প্ৰায় এক কিলোমিটাৰ নিলগৰ পথাৰৰ মাজৰ এজোপা গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়৷ আনহাতে যুৱকজনৰ লগত একেলগে ঘৰলৈ উভটা বন্ধু কেইজন এতিয়াও ঘৰ নোপোৱাত যুৱকজনৰ মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷
জানিব পৰা মতে, যুৱকজনৰ লগত কিছু নগদ ধন আৰু এটা বেগ থাকিব লাগিছিল যদিও মৃতদেহৰ ওচৰত কোনো নগদ সামগ্ৰী তথা নগদ ধন উদ্ধাৰ নোহোৱাত এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে৷
কামপুৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি পৰিয়ালৰ লগত যোগাযোগ অব্যাহত ৰাখিছে৷