03
Oct
2017

অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ যোগীঘোপাত নাৱৰ পৰা পৰি সলিল সমাধি ঘটিল এজন যুৱকৰ৷ জানিব পৰা মতে যোগীঘোপাৰ কাবাইটাৰীৰ সুমন দাস নামৰ পেছাত মিস্ত্ৰী যুৱকজনে হৰিপানী নৈৰে পুৱাৰ ভাগত নাৱত উঠি কৰ্মস্থলীলৈ গৈ আছিল৷
কিন্তু নৈৰ মাজতে হঠাৎ যুৱকজন নাওৰ পৰা পিছলি পানীত পৰে৷ লগে লগে ঘটনা স্থলীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷
স্থানীয় ৰাইজে নৈৰ বুকুত নামি বিচাৰ খোচাৰ কৰি যুৱকজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে৷ তাৰ পাছতেই অচেতন যুৱকজনক চলন্তপাৰা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্রলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
১৮ বছৰীয়া সুমন দাস নামৰ যুৱক জনৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷