দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈ পাতিদৰঙত সংঘটিত হয় এক কৰুণ মৃত্যু৷ বৰলৰ আক্ৰমণত মৃত্যুক সাৱতি লয় এজন যুৱকে।

জানিব পৰা মতে, বৃহস্পতিবাৰে পাতিদৰং গাঁৱৰ টিংগুল শৰ্মা নামৰ বিশেষ ভাৱে সক্ষম যুৱক জন ঘৰত বহি থকা অৱস্থাত ঘৰৰ কাষতে থকা বৰলৰ বাহত চৰাইয়ে উৎপাত কৰাৰ ফলত বৰলবোৰ জাঙুৰ খাই উঠে৷

পাছত বিশেষ ভাবে সক্ষম টিংগুল শৰ্মা বহি থকা অৱস্থাত বৰলৰ জাকটোৱে আক্ৰমণ কৰে৷ প্ৰায় এশৰো অধিক বৰলে কামোৰাৰ পাছত যুৱকজনক চিকিৎসা প্ৰদান কৰা হয় যদিও নিশা যুৱকজনৰ মৃত্যু ঘটে৷

বিশেষ ভাৱে সক্ষম যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।