বিহালীঃ বিহালীৰ স্বেচ্ছাসেৱী প্ৰকৃতি প্ৰেমী সংগঠন নেচাৰ্চ বণ্য প্ৰাণৰ হৃদপিণ্ড স্বৰুপ মিন্টু ভূঞাৰ আজি আকস্মিক মৃত্যু ঘটে৷ আকস্মিকভাৱে লিভাৰৰ এক ৰোগত আক্ৰান্তহৈ অকাল মৃত্যুক সাৱটি লয় ভূঞাই৷

বিহালীৰ বিভিন্ন সামাজিক কামৰ লগত জড়িত সৰবৰহি যুৱকজনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে৷ তেখেতৰ অকাল বিয়োগত বিভিন্ন দল সংগঠনৰ লগতে শোক প্ৰকাশ কৰিছে বিহালী প্ৰেছ ক্লাৱে।