28
Aug
2017

শুক্লাইঃ ওদালগুৰি জিলাৰ ডিমাকুছিৰ থানাৰ অন্তৰ্গত ১নং সোনাজুলীত দেওবাৰে নিশা এজন যুৱকে ৰহস্যজনক ভাবে মৃত্যুক সাৱটি লয়৷
বিকাশ মুণ্ডা নামৰ ১৯ বছৰীয়া যুৱকজনৰ ডিঙি আৰু গুপ্তাংগত আঘাতৰ চিন সুস্পষ্ট হৈ পৰাত যুৱকজনক হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷