
ৰঙিয়াঃ ৰঙিয়াৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁত আজি পুৱাৰ ভাগত এজন যুৱকে মৃত্যুক সাৱতি লয় । বৰপেটাৰ দিশৰ পৰা গুৱাহাটি অভিমুখে তীব্ৰ গতিত আহি থকা AS 17D 7094 নম্বৰৰ আই টেইন গাড়ী এখনে যুৱকজনক খুন্দামাৰে । পথ অতিক্ৰম কৰিবলৈ লওতে এনেদৰে খুন্দামৰাৰ ফলত যুৱকজন বহু দুৰলৈ চিটিকিগৈ ঘটনাস্থলীতে মৃত্যুক সাৱতি লয় । লগে লগে যুৱক জনক স্থানীয় ৰাইজে ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে যুৱক জনৰ মৃত্যু হোৱা বুলি ঘোষনা কৰে ।
মৃত যুৱক জন হুংগলী নৰ্দাৰঘাটৰ অমৰেন্দ্ৰ সৰকাৰৰ একমাত্ৰ পুত্ৰ সুমেন্দ্ৰ সৰকাৰ (২৪)বুলি জানিৱ পৰাগৈছে । যুৱকজনে ৰঙিয়া ৰেলৱে সংমণ্ডলৰ অধিনত কৰ্মৰত এজন ঠিকাদাৰৰ অধীনত কামকৰি আছিল বুলি ৰঙিয়া আৰক্ষীয়ে সংবাদ মাধ্যমক জানিৱ দিছে । বৰ্তমান নিহত যুৱকজনৰ মৃতদেহটো ৰঙিয়া আৰক্ষী থানাত ৰখা হৈছে যদিও কাইলৈ পুৱাৰ ভাগত মৰোনোত্তৰ পৰীক্ষাৰ কৰাৰ অন্তত পৰিয়ালক গতাই দিয়া হব বুলি জানিৱ পৰা গৈছে ।