বাঘবৰঃ বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত চাচৰা গাঁৱৰ কৰিম আলী পুত্ৰ নুৰুল হকে (১৫) অৰুণাচল প্ৰদেশত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছে।

জানিব পৰা মতে, যোৱা ১৮ জুলাই ঘৰৰ পৰা অৰুণাচল প্ৰদেশখনৰ এন আই টিত কাম কৰিবলৈ যায়। কেইবা দিন কাম কৰাৰ পিছত ৩০ জুলাইত পৰা ৰহস্যজনকভাৱে যুৱকজন নিৰুদ্দেশ হয়।

যুৱকজনৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে অৰুণাচল প্ৰদেশলৈ যায় যদিও যুৱকজনৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈ আৰুণাচলৰ নাহৰলগুণ (ইটানগৰ) থানাত পৰিয়ালে এটি গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সন্ধান উলিৱাব পৰা নাই। পৰিয়ালৰ আহব্বান যুৱকজনৰ কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ পালে নিকটতম আৰক্ষী চকী অথবা ৯৫৭১৩২৭৭২-৯০৮৫২০৮৯২৩ নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।