05
Aug
2017

লালুকঃ বিগত দহ দিন ধৰি সন্ধান নাই এগৰাকী মাদ্ৰাছা ছাত্ৰৰ৷ লখিমপুৰৰ ফতেহপুৰৰ পৰা মজাহাৰুল ইছলাম (১৩) নামৰ ছাত্ৰজন বিগত দহ দিন ধৰি নিৰুদ্দেশ হৈ আছে৷
ফতেহপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মাজাহাৰুৰ নিৰুদ্দেশ সন্দৰ্ভত পিতৃ আৰফান আলীয়ে বঙালমৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কিন্তু এতিয়ালৈ ছাত্ৰগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে৷