
তেজপুৰঃ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা ৰোগী অন্তৰ্ধান হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি দেওবাৰে তেজপুৰৰ সোনাবিলত তিনি যুৱক উঠি অহা মটৰ চাইকেল এখনে জুনু ভুঞা নামৰ মহিলা এগৰাকীক খুন্দিয়াই গুৰুত্ব ভাৱে আহত কৰাৰ লগতে বাইক আৰোহী তিনিজন যুৱকো আহত হৈছিল।
দুৰ্ঘটনাত আহত আটাইকেইজনকে তেজপুৰ কনকলতা চিভিল হস্পিতালত ভৰ্তি কৰা হৈছিল। কিন্তু সংকটজনক অৱস্থাত জিনু ভূঞা নামৰ মহিলা গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা পৰতে আদবাটতে মহিলা গৰাকৰীৰ মৃত্যু ঘটে৷
তাৰ পাছতে এদল উত্তেজিত যুৱকে দুৰ্ঘটনা সংঘটিত কৰা বিকাশ গোৱালা নামৰ যুৱকজনক বিচাৰি কনকলতা চিভিল হাস্পাতালত প্ৰৱেশ কৰে৷ আনহাতে উত্তেজিত যুৱকৰ দলটো চিকিৎসালয়ত প্ৰৱেশ কৰাৰ পাছতেই ৰহস্যজনক ভাৱে বিকাশ গোৱালা অন্তৰ্ধান হয়৷
বিকাশ গেৱালা নামৰ ধৃত যুৱকজন অন্তৰ্ধান হোৱা বুলি জানিব পাৰি একাংশ লোকে তেজপুৰ সদৰ থানা ঘেৰাও কৰি দুৰ্ঘটনা সংঘটিত কৰা যুৱক জনৰ সন্ধান বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ আনহাতে তেজপুৰ সদৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷