03
Aug
2017

কোকিলাঃ ১২ দিনে সন্ধান নাই এগৰাকী ছাত্ৰৰ৷ ২২ জুনত নিজ ঘৰৰ পৰা নাতি দুৰত সমনীয়াৰ সৈতে খেলিবলৈ গৈ নিৰুদ্দেশ হয় ছাত্ৰগৰাকী৷ ছাত্ৰ গৰাকীক বিছাৰি ব্যাকুল হৈ পৰিছে পৰিয়াল৷
চিৰাং জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আলুখুন্দা বিষডোবা ৰকিবুল হাছান নামৰ ছাত্ৰগৰাকী ১২ দিনে সন্ধানহীন হৈ থাকে। স্থানীয় আলুখুন্দা জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰকিবুল হাছানে ২২ জুলাইত আবেলি পৰত সমনীয়াৰ সৈতে খেলিবলৈ ওলাই গৈ আজিলৈ উভতি নাহিল।
ৰকিবুলৰ পৰিয়ালে অভিযোগ কৰা মতে খেলি থকা সময়ত দুজন লৰাই মাৰপিট কৰিছিল ৰকিবুলক। ৰকিবুলৰ গুপ্তাংগত আঘাত কৰাৰ লগতে আন এজনে পাছ ফালৰ পৰা আক্ৰমণ কৰে। তেতিয়াৰ পৰা ৰকিবুল নিৰুদ্দেশ হয়৷ পানবাৰী আৰক্ষী থানাত পৰিয়ালে এজাহাৰ দাখিল কৰে যদিও ১২ দিনে ৰকিবুলৰ সন্ধান উলিয়াব পৰা নাই পানবাৰী আৰক্ষীয়ে।