চতিয়াঃ সোমবাৰে নিশা চতিয়া আৰক্ষীৰ নিশাৰ তহলদাৰি দলে চতিয়াৰ মেটাৰা গাঁৱৰ সমীপৰ পথাৰত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে এজন যুৱকক৷ উদ্ধাৰ কৰি আৰক্ষীয়ে বিশ্বনাথ চাৰিআলিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ প্ৰাপ্ত তথ্য মতে যুৱক জন বিহালিৰ তেলেংগীয়া গাঁৱৰ ৰামচন্দ দাসৰ পুত্ৰ মনোজ দাস।

যুৱক জনে কিবা বিষাক্ত দ্ৰব্য খোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ যুৱক জনে নিজে খালে নে আনে খুৱাই পেলাই থৈ গৈছে তদন্তৰ পাছতহে পোহৰলৈ আহিব৷

যুৱক জনৰ আত্মীয়ই প্ৰকাশ কৰা মতে যুৱকজনে সোমবাৰে সন্ধিয়া নিজৰ মটৰ চাইকেলেৰে চতিয়ালৈ বুলি ওলাই আহিছিল। যুৱক জনৰ পকেটৰ পৰা মবাইল আৰু বাইকৰ চাবি উদ্ধাৰ হৈছে যদিও মটৰ চাইকেলখন উদ্ধাৰ হোৱা নাই৷