
কাজলগাঁঁওঃ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ থুৰিবাৰীৰ চম্পাৱতী নৈত বুধবাৰে পুৱা ৮.৩০ বজাত যুৱক এজন নৈৰ সোঁতত উটি যায়। নৈখনৰ বালি উঠোৱা কাম কৰি জীৱিকা নিৰ্বাহ কৰা সুজিত দাস নামৰ ২৫ বছৰীয়া যুৱকজনে বালি উঠোৱাৰ বাবে নৈত নমাৰ পাছতে নৈৰ পলসত সোমাই নৈৰ সোঁতত উটি যাবলৈ ধৰে।
লগে লগে সেই দৃশ্য প্ৰত্যক্ষ কৰি তেওঁৰে কনিষ্ঠ ভাতৃ প্ৰসেনজিৎ দাস (২২) নামৰ যুৱকজনে উদ্ধাৰ কৰিবলৈ নৈত নামে। কিন্তু ভাতৃক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে নৈৰ কোবাল সোঁতে প্ৰসেনজিতক উটুৱাই লৈ যায়।
ইফালে নৈৰ কাষত থকা তছেৰ আলী নামৰ যুৱক এজনে এডাল ৰচিৰে টানি সুজিতত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।উদ্ধাৰ হোৱা সুজিৎ দাসক পাছত সংকটজনক অৱস্থাত বাসুগাঁও প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ঘটনাস্থলীত এনডিআৰএফ ৰ এটা দল উপস্থিত হৈ অভিযান আৰম্ভ কৰে। গধূলিলৈকে সন্ধানহীন যুৱকজনৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দল৷ কাইলৈ পুনৰাই এন ডি আৰ এফে উদ্ধাৰ অভিযান চলাব বুলি জানিবলৈ দিছে৷