দলংঘাটঃ ৭ দিনে সন্ধান নাই বাপ্পি সাহাৰ৷ ক'লৈ গ’ল বাপ্পি? বাপ্পিক বিচাৰি হায়ৰাণ হৈ পৰিছে পৰিয়াল৷ কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত খৈৰাবাৰীৰ দক্ষিণ গুৰিহাটীৰ যুৱক বাপ্পিয়ে ২৩ জুলাইৰ সন্ধিয়া প্ৰায় আঠ বজাত ঘৰৰ পৰা ওলাই গৈ আজিলৈ উভতি নাহিল৷

ত্ৰিশ বছৰীয়া যুৱক বাপ্পিৰ পৰিয়ালে অঙহী-বঙহীৰ ঘৰত বিচাৰি কোনো সম্ভেদ নাপায় চিন্তাত দিন পাৰ কৰিছে৷ বিভিন্ন ঠাইত সন্ধান কৰিও সম্ভেদ উলিয়াব নোৱাৰি খৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

বাংলা আৰু অসমীয়া ভাষা ক'ব জনা ক’লা বৰণৰ যুৱকজনৰ কোনো লোকে সম্ভেদ পালে ৭০০২৯-০৩০৮৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।