
ৰঙিয়াঃ দুৰ্নীতি সন্দৰ্ভত জিৰ’ টলাৰেন্সৰ কথা কোৱা মিত্ৰজোঁটৰ চৰকাৰৰ বিষয়া-অভিযন্তাই আজিও মুকলিকৈ কৰি আহিছে দুৰ্নীতি৷ দুৰ্নীতিৰ বিৰুদ্ধে বৰ বৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিষয়া-কৰ্মচাৰীয়ে ধাবাত কাৰ্যালয় পাতি লুন্ঠন চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ৰঙিয়া তথা বিটিএডি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিটিএডিৰ দুটি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ বিষয়াই মদৰ আড্ডা পাতি ধাবাৰ কোঠাত দমে দমে ফাইল, ছীল লৈ বেকডেটেত চেকত স্বাক্ষৰ কৰি ধন ঘটাৰ ফান্দ পতা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷
দুৰ্নীতি নিৰ্মূলৰ শ্ল’গান দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি আৰু বিপিএফে দুৰ্নীতি সন্দৰ্ভত একপ্ৰকাৰ হাত উজান দি মুকলিকৈ ধাবাত কাৰ্যালয় পাতি চেকত চহী কৰি থকা ঘটনাই সংঘটিত হৈছে ৰঙিয়াত৷ সোমবাৰে নিশা ৰঙিয়া চহৰৰ এখম ধাবাৰ এটি কোঠাত বিটিচিৰ ভিচিডিচিৰ অধ্যক্ষ, সদস্য, খণ্ড উন্নয়ন বিষয়াসহ কেবাগৰাকী লোক গোট খায় প্ৰথমে মদৰ পাৰ্টী কৰে৷ তাৰ পিছত গাড়ীত ভৰাই লৈ অহা জাপে জাপে ফাইল স্বাক্ষৰ কৰাৰ লগতে চেক পাতত এফালৰ পৰা স্বাক্ষৰ কৰিবলৈ ধৰে৷ এই খবৰ লাভ কৰে ৰঙিয়াৰ কেবাগৰাকী সাংবাদিকে৷
তাৰ পিছতে সাংবাদিকে অভিযান চলাই ধাবাখনত৷ ধাবাৰ ভিতৰত বাক্সা জিলাৰ মুছলপুৰৰ খণ্ড উন্নয়ন বিষয়া আৰু নাগ্ৰীজুলিৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে৷ কেবাগাৰকী ভিচিডিচিৰ অধ্যক্ষ, সদস্য, কনিষ্ঠ অভিযন্তাই সাংবাদিকক দেখি পলাবলৈ চেষ্টা কৰে। মুছলপুৰ আৰু নাগ্ৰীজুলিৰ খণ্ড উন্নয়ন বিষয়াই বহু গোপন ফাইল আৰু বিলত চহী কৰা প্ৰত্যক্ষ কৰে সাংবাদিকসকলে।
সাংবাদিকক দেখা মাত্ৰকে ফাইল, ছীল, চেক এৰি পলাই পত্ৰং দিয়ে খণ্ড উন্নয়ন বিষয়া সহ দলটোৱে। কেমেৰাৰ পৰা বাচিবলৈ প্ৰায় ৫০০ মিটাৰ দৌৰি পলাবলৈ সক্ষম হয় মুছলপুৰৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া তথা জিলা গ্ৰাম্য উন্নয়ণ প্ৰাধিকৰণৰ অভিযন্তা নগেন কলিতা আৰু নাগ্ৰীজুলিৰ খণ্ড উন্নয়ন বিষয়া জ্যোতিষ কাকতিয়ে।
দুৰ্নীতিৰ মেজৰসকলে সাংবাদিক দেখি ফৰিং চিটিকা দিয়ে ধাবাখনৰ পৰা। বাক্সা জিলাৰ গ্ৰাম্য উন্নয়নৰ বহু ফাইল আৰু বিলত বেক ডেটত চহী কৰি গ্ৰাম্য উন্নয়নৰ ধন লুটি খোৱা এইসকল বিষয়াৰ বিৰুদ্ধে বিজেপি চৰকাৰে তদন্ত কৰিবনে৷ নে এয়াই এতিয়া পৰিৱৰ্তনৰ শ্লগান দিয়া চৰকাৰৰ একাংশ বিষয়া-অভিযন্তাৰ কৰ্মসংস্কৃতিৰ নমুনা?