নলবাৰীঃ নলবাৰীত জনসমুদ্ৰ৷ নলবাৰী মহাবিদ্যালয়ত কেৱল অগণন মানুহ আৰু মানুহ৷ পিছে আজি নলবাৰীত মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰি ফুটোৱা নেতাক চাবলৈ মানুহৰ ভিৰ লগা নাই৷ মানুহ আহিছে মানুহৰ বাবে কান্দিব জনা এখন হৃদয় চাবলৈ৷ মানুহৰ বাবে মানুহ হৈ জীয়াই থাকিব জনা শিল্পীগৰাকীক চাবলৈ৷

আজি দিনৰ ভাগত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু তথা অসম নক্ষত্ৰ শিল্পী জুবিন গাৰ্গে 'মিছন চাইনা' বোলছবিৰ প্ৰচাৰ চলাবলৈ নলবাৰী কলেজ বাকৰিত উপস্থিত হয়৷ বিশাল জনসমুদ্ৰৰ মাজত শিল্পী গৰাকীক আদৰণী জনায় জুবিন ফেন ক্লাৱ, নলবাৰী কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু নলবাৰীবাসীয়ে।

এই অনুষ্ঠানত নলবাৰীৰ স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাৰ লগতে নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক গোস্বামীয়ে শিল্পীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। শিল্পী গৰাকীয়ে নলবাৰীৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদ দেখি অভিভূত হৈ পৰে।

‘মিছন চাইনা’ বোলছবিখন সকলোৱে আদৰি লৈ উপভোগ কৰাৰ লগতে বহু নজনা কথাও দৰ্শকে চিনেমাখনৰ জৰিয়তে জানিবলৈ পাব বুলি আশা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে৷

‘অসমত যিমান কেইটা ছবিগৃহ আছে, সেইকেইটাই মিছন চাইনাৰ বাবে পৰ্যাপ্ত নহয়৷ মোৰ এইখন ছবি যদি ৰাইজে আকোঁৱালি লয়, তেন্তে ভবিষ্যতে মই অসমত আৰু ছবিগৃহ নিৰ্মান কৰাৰ প্ৰয়াস কৰিম৷’- শিল্পীগৰাকীয়ে অসমৰ ছবি আৰু ছবিগৃহৰ সম্পৰ্কত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে৷

অহা ৮ চেপ্তেম্বৰত ৰাজ্যৰ ছবিগৃহসমূহত মুক্তি পাবলগীয়া একচন-থ্ৰীলাৰ ভৰপূৰ ছবিখন চাবলৈ শিল্পীগৰাকীয়ে সকলোকে আহ্বান জনায়৷