
মঙলদৈঃ 'মিছন চাইনা'ৰ কৰ্ণেল গোস্বামীয়ে শনিবাৰে ফেচবুকত এটি পোষ্ট দি আৰু গান নাগাও বুলি আপডেট দিয়াৰ পিছতে হতাশ হৈ পৰিছিল ৰাজ্যৰ জুবিন অনুৰাগীসকল। ইয়াৰ মাজতে দৰং জিলাৰ এগৰাকী জুবিন অনুৰাগীয়ে নিজৰ হাত কাটি ফেচবুকত ভিডিঅ’ আপলোড কৰি জুবিন গাৰ্গক পুনৰ গান গাবলৈ আহ্বান জনায়৷
পুনৰ সংগীত জগতলৈ উভতি অহাৰ আহ্বান জনাই যুৱকজনে নিজৰ হাত কাটি ভিডিঅ’ আপলোড কৰে ফেচবুকত৷ তাৰ পিছতে ফেচবুকত ভাইৰেল হৈ পৰে যুৱকজনৰ ভিডিঅ’টো৷ সংগীত জগতৰ পৰা আতৰিব খোজা জুবিনক পুনৰ সংগীত জগতলৈ ঘূৰি অহাৰ বাবে একপ্ৰকাৰ দাবী জনাই হাত কটা যুৱকজন দৰং জিলাৰ বুলি জানিব পৰা গৈছে। দৰং জিলাৰ মঙলদৈৰ দীপজ্যেতি ৰাজবংশী নামৰ যুৱকজনে ভিডিঅ’টো আপলোড কৰে ফেচবুকত।
'প্লিজ প্লিজ জুবিন দা আপুনি ঘূৰি আহক। আপোনাৰ অবিহনে বহুত অকলশৰীয়া যেন লাগে। সদায় আপোনাৰ গীত শুনো, তথাপি বৰিং নালাগে। কিমান ভালপাঁও কেনেকৈ বুজাম। আপোনাৰ বাবে তেজ দিবলৈকো কুণ্ঠাবোধ নকৰো। প্লিজ লগ পোৱাৰ আশাত ৰৈ থাকিম ওৰে জীৱন।'-হাত কটা ভিডিঅ' আপলোড কৰি এইদৰে প্ৰিয় শিল্পীগৰাকীক গান গাই যাবলৈ অনুৰোধ জনাইছিল একান্ত অনুৰাগীজনে।
উল্লেখ্য যে, দিল্লীৰ বিমানবন্দৰত এগৰাকী সামৰিক বিষয়াৰ সৈতে মতানৈক্যকলৈ বিতৰ্কত সোমাই পৰি ৰাজহুৱাকৈ ক্ষমা বিচাৰি জুবিনক আৱেগিক হৈ পৰা দেখা গৈছিল যোৱা শনিবাৰে৷ ইয়াৰ পাছতে ৰাজ্যৰ অগণন অনুৰাগীক হতভম্ব কৰি হঠাতে শনিবাৰে আৰু গান নাগাঁও বুলি ফেচবুকযোগে অনুৰাগীসকলক জনায় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’বগৰাকীয়ে৷
নিজৰ ফেচবুক পেজত সকলোকে হতবাক কৰি জুবিনে কয়, "মই মোৰ কল্পনাৰ জগতত বাস কৰো৷ কিন্তু এতিয়া ভাবিছো যে মই গান গোৱা বন্ধ কৰিব লাগিব৷ মই চিনেমা নিৰ্মাণ কৰাও বন্ধ কৰিব লাগিব৷ মই পৰিবৰ্তন হ’বলৈ বন্ধ কৰিব লাগিব৷ মই দুখিত, মই ভাগৰিছো৷ মই পৰিব পাৰো, কিন্তু মই ব্যৰ্থ নহয়৷ কমৰেডসকল আগুৱাই যোৱা"৷
এই আপডেটৰ পিছতে জুবিনৰ অনুৰাসীসকল হতাশ হৈ পৰে। বহুতে শিল্পীগৰাকীক পুনৰ আগৰ দৰেকৈ সংগীত চৰ্চা কৰি যবালৈ আহ্বান জনায়। কিন্তু শিল্পীগৰাকীয়ে এই সন্দৰ্ভত সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ পৰিৱৰ্তে ফুটবলৰ কথাহে কোৱাত অনুৰাগীসকল আৰু হতাশ হৈ পৰে। ইয়াৰ পৰিণতিতে জুবিনক ভাল পোৱা অনুৰাগীসকলৰ মাজৰ এজন দৰঙৰ দীপজ্যোতিয়ে হাত কাটি জুবিনক সংগীত চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
অৱশেষত জুবিনে সলনি কৰে সিদ্ধান্ত। নিজৰ ফেচবুক পেজযোগে পুনৰ কৰ্ণেল সংগীতৰ জগতলৈ উভতি আহিব বুলি ঘোষণা কৰে। অৱশ্যে ইয়াৰ বাবে তেওঁৰ ভাগৰুৱা হৈ পৰা মনটোক শান্ত কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি জনায়।
জুবিনৰ পৰা এনে সহাঁৰি পাই উৎফুল্লিত হৈ পৰে একান্ত অনুৰাগীজন। লগে লগে তেওঁ হাত কটা ভিডিঅ' আৰু নিজে জনোৱা অনুৰোধমূলক আপডেটৰ ফটো আপলোড কৰি জুবিনে পুনৰ গান গাব বুলি জানিবলৈ পাই সুখী হৈ পৰা বুলি সদৰী কৰে। 'আজি মই বহুত সুখী। কিয়নো জুবিন দাই পুনৰ গানৰ জগতলৈ ঘূৰি আহিব বিচাৰিছে। মোৰ অনুৰোধ ৰক্ষা কৰা বাবে ধন্যবাদ। জুবিন দা আই লাভ ইউ।'-এইদৰে পূৰ্বৰ হাত কটা অনুৰোধমূলক আপডেটৰ স্ক্ৰীণশ্বট দি ধন্যবাদসূচক আন এটা পোষ্ট কৰে অনুৰাগী দীপজ্যোতিয়ে।