প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিব্ৰুগড়ঃ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই কৈছিল- যদি শিল্পীসকলক দেশৰ শাসনভাৰ চলাব দিয়া হয়, তেন্তে দেশত কেতিয়াও হত্যা, ধৰ্ষণ, নিৰ্যাতন আদিৰ দৰে দুস্কাৰ্য সংঘটিত নহব৷ দেশৰ ৰাজপাতত শিল্পীক অধিষ্ঠিত কৰি হত্যা ধৰ্ষণ নিৰ্যাতন আদি কিমান নিৰ্মূল কৰিব পৰা যায় সেয়া নকলেও এটা কথা স্বীকাৰ্য্য যে শিল্পীৰ থাকে এটা শিল্পীসুলভ মন৷ মানুহৰ বাবে ভাবিবলৈ, মানুহৰ বাবে কান্দিবলৈ শিল্পীৰ থাকে এখন সৰল হৃদয়৷

অসমীয়া মানুহৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ কেৱল এজন কন্ঠশিল্পী নহয়, এজন শিল্পীও৷ এই শিল্পীজনাই প্ৰতি বছৰে বানাক্ৰান্তৰ মেলি দি আহিছে সহায়ৰ হাত৷ কেৱল বানাক্ৰান্ত সকলকে নহয়, আৰ্তজনৰ ওচৰত প্ৰয়োজনত সদায় থিয় হৈ অহা জুবিন গাৰ্গে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাধ্যমেৰে মানুহক কৰি আহিছে সহায়৷

গান গাই গাই নিজেও মানুহৰ বাবে এটা প্ৰিয় গান হৈ পৰা মানুহজনে শিল্পীসুলভ মনৰ পৰিচয় দি দেওবাৰে উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাত৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল ৰহমৰীয়াত উপস্থিত হৈ শিল্পীগৰাকীয়ে ক্ষতিগ্ৰস্ত এলেকা সমূহৰ বুজ লয়৷

অঞ্চলটোৰ বান পৰিস্থিতি অনুধাৱন কৰি গৰাখহনীয়া প্ৰতিৰোধ আৰু চৰকাৰী আঁচনিসমূহ ৰূপায়নৰ বাবে চৰকাৰক অনুৰোধ জনায়৷ আনহাতে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ বাবেও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অনুৰোধ জনায় শিল্পীগৰাকীয়ে৷ 
                         
আনফালে প্ৰিয় শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহত ৰহমৰীয়া অঞ্চলত জনসমুদ্ৰৰ সৃষ্টি হয়৷ ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিল্পীগৰাকী উপস্থিত থাকি অঞ্চলটোৰ ৰাইজ, বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সতে শিল্পীগৰাকীয়ে ভাৱ বিনিময় অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল যদিও সময়ৰ অভাৱৰ বাবে উপস্থিত হ’ব নোৱাৰিলে জুবিন গাৰ্গ৷ যাৰ ফলত শিল্পীগৰাকীৰ বাবে বিদ্যালয়ত বহু সময় ধৰি অপেক্ষা কৰি থকা স্থানীয় ৰাইজ আৰু শিক্ষক ছাত্ৰ-ছাত্ৰীৰ আশাত চেঁচা পানী পৰে৷