তামুলপুৰঃ ৰাজ্যৰ বিভিন্ন ঠাইত জুবিন গাৰ্গৰ ফুটবল দলে ভৰিৰ যাদু দেখুৱাই অহাৰ দৰে বাক্সা জিলাৰ তামুলপুৰতো জুবিন গাৰ্গৰ ফুটবল দলে দেখুৱাব ভৰিৰ যাদু৷

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছন আৰু তামুলপুৰ জুবিন ফেন ক্লাৱৰ উদ্যোগত অহা ১৬ নৱেম্বৰত জুবিন গাৰ্গ একাদশ বনাম তামুলপুৰ জুবিন ফেন একাদশৰ মাজত অনুষ্ঠিত হ’ব প্ৰীতি ফুটবল মেচ৷ তামুলপুৰত অনুষ্ঠিত হ’বলগীয়া ফুটবল মেচ খনৰ টিকট ইতিমধ্যে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে জুবিন ফেন ক্লাৱৰ সদস্য সকলে।

তামুলপুৰ জুবিন ফেন ক্লাৱৰ সম্পাদক দীনেশ ৰাজবংশীয়ে জানিবলৈ দিয়া মতে, জুবিনৰ দলে ফুটবল খেলাৰ লগতে জুবিন গাৰ্গ, বাবু বৰুৱা, নীল আকাশ, আৰু অজয় ফুকনে সংগীত পৰিবেশন কৰিব।