21
Oct
2017

কামপুৰঃ নেৰা নেপেৰা বৰষুণৰ মাজত ভৰিৰ যাদু দেখালে জুবিন গাৰ্গে৷ কামপুৰত শনিবাৰে অনুষ্ঠিত জুবিন গাৰ্গ একাদশ আৰু কামপুৰ একাদশৰ মাজত অনুষ্ঠিত প্ৰীতি ফুটবল মেচ।
ফুটবল খেল খন উপভোগ কৰিবৰ বাবে কামপুৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন অনুৰাগীৰ আৰু ফুটবল প্ৰেমী সহস্ৰাধিক লোক ছাতি লৈ খেল উপভোগ কৰিবলৈ কামপুৰ ক্ৰীয়া সন্থা খেল পথাৰত উপস্থিত হয়৷
উত্তেজনা পূৰ্ণ ফুটবল খেলখনত ৩-০ ব্যৱধানত জুবিন গাৰ্গ ফুটবল একাদশ জয়ী হয়। খেলৰ অন্তত জুবিনৰ মিছন চাইনা ছয় সপ্তাহ সম্পূৰ্ণ হোৱাত কেক কাটি ৰাইজৰ মাজত গীত পৰিবেশন কৰে৷