
গুৱাহাটীঃ সাত দিন। মাত্ৰ সাত দিন সময় বান্ধি দিলে সৰ্বানন্দ সোণোৱালক। এসপ্তাহ তেওঁ বাহিৰত আছে। এইকেইদিনো নীৰৱ হৈ থাকিলে অসমলৈ আহি তেওঁ কি কৰে তাৰ কোনো ঠিকনা নাই। ছ’চিয়েল মিডিয়াযোগে মঙলবাৰে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনীৰ বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সৰ্বাদা সম্বোধনৰে এইদৰে সকীয়াই দিছে জুবিন গাৰ্গে।
‘বহুত কোৱা হ’ল। এবছৰ-দুবছৰ মান ধৰি কৰিয়েই আছো। চৰকাৰে নুবুজিলে। ধৰ্ম আৰু জাতিৰ মাজৰ পাৰ্থক্যটো বুজি নাপালে। বুজিও নুবুজাৰ ভাও ধৰিলে।‘-চৰকাৰক ধিক্কাৰ দি এইদৰে কয় জুবিনে।
বিধেয়কখন কোনো চৰ্ততেই নামানে বুলি স্পষ্ট কৰি দি তেওঁ কয়, ‘মোৰ পঞ্চলিছ বছৰ বয়স হ’ল এতিয়া। জন্মৰ পৰা বাংলাদেশী বাংলাদেশীয়েই শুনি আহিছো। এতিয়া আমনি লাগিছে। ভাগৰো লাগিছে। তাতকৈয়ো বেছি লাজ লাগিছে।’
কি কাৰণত লাজ লাগিছে জুবিনে সেয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীক সৰ্বাদা সম্বোধন কৰি লিখা মুকলি পত্ৰখনত। পৰিৱৰ্তন শব্দটো কেৱল শুনিবলৈহে ভাল বুলি উল্লেখ কৰি তেওঁ লিখিছে, 'যিবোৰ মানুহে বাংলাদেশী নালাগে বুলি আন্দোলন কৰিছিল, সেইবোৰেই মন্ত্ৰী-বিধায়ক হৈ থাকিবৰ কাৰণে অসমখন শেষ কৰি দিব খোজা দেখি। সৰ্বাদা নিজেই আছুত আছিল। তেওঁ যদি এনেকুৱা কৰে, তাৰ পিছত আমি কাক বিশ্বাস কৰিম?’
পত্ৰখনত শিল্পীগৰাকীয়ে শিলচৰৰ জনসভাৰ কথাও উল্লেখ কৰিছে। সৰ্বানন্দ সোণোৱালক মোদীৰ কাষত বহি হাত চাপৰি মাৰি থকাতকৈ বহুত ডাঙৰ কাম আছে বুলিও উনুকিয়াই দিছে শিল্পীগৰাকী। জাতীয় নায়ক হিচাপে পৰিগণিত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এতিয়া মুৰ্দাবাদ ধ্বনি দিয়া দেখিলে বেয়া লাগিলে বুলি সদৰী কৰি জুবিনে কয় যে এইবোৰ কাৰ্যত সৰ্বানন্দ সোণোৱালে লাজ নাপালেও অসমৰ জনগণে কিন্তু লজ্জা অনুভৱ কৰে।
আছুৰ আজিৰ বন্ধ সন্দৰ্ভতো নিজৰ মত প্ৰকাশ কৰে জুবিনে। তেওঁ কয় যে বন্ধ ভাল পোৱা লোক কোনো নাই যদিও চৰকাৰে অঁকৰাৰ অভিনয় কৰি থাকিলে এনেদৰে প্ৰতিবাদ কৰাৰ বাদে গত্যন্তৰ নাই।
ৰাজ্যবাসীৰ এনে আকুল আহ্বানলৈ সহাঁৰি জনাই শিল্পীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক এবাৰৰ বাবে হ’লেও বিধেয়কখনৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিবলৈকো অনুৰোধ জনাইছে মুকলি পত্ৰখনত। 'সংসদত বিলখন উত্থাপন হ’লেও সৰ্বাদাই না কৈ দিব পাৰে। কৈ চাওকচোন। যি হয় দেখা যাব।’-জুবিনৰ সৰ্বানন্দ সোণোৱাললৈ আহ্বান।
ইমানৰ পিছতো যদি সৰ্বানন্দ সোণোৱাল চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৭ দিনৰ পিছত অসমলৈ ঘূৰি আহিয়েই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰাৰো হুংকাৰ প্ৰদান কৰে শিল্পীগৰাকীয়ে।
'মই এতিয়াও শান্ত হৈ আছো। এসপ্তাহমান অসমত নাথাকিম। ঘূৰি অহাৰ আগলৈকে সৰ্বাদাই কিবা এটা কৰিলে ভাল। নহ’লে এইবাৰ মই অকলে আন্দোলন কৰিম। কি কৰিম নাজানো!’-জুবিনৰ সকীয়নি।
চৰকাৰ-ৰাজনীতি এইবোৰ একোকে বুজি নাপাই বুলি উল্লেখ কৰি পত্ৰখনৰ শেষত তেওঁ লিখিছে, 'অসমীয়া জাতিটো কেনেকুৱা সেইটো ভালকৈয়ে বুজি পাও। আমাক অসমীয়া কৰি ৰাখিবলৈ কোনো ধৰ্মৰ দৰকাৰ নাই। আকৌ এবাৰ ভাবি চাওক- সাতদিনৰ পিছত ভদ্ৰতা শিকাই লাভ নহ’ব নহ’লে।’
মন কৰিবলগীয়া যে এই জুবিনেই যোৱা বিধানসভা নিৰ্বাচনত বি জে পিৰ হৈ 'সকলোৰে আনন্দ সৰ্বানন্দ' বুলি গান গাই দলটোৰ প্ৰতি ৰাইজৰ আকৰ্ষণ বৃদ্ধি কৰিছিল।