• জুবিন আৰু ৰীমা দাসে নাগৰিকত্ব(সংশোধনী) বিধেয়কৰ বিৰোধীতা কৰিলে
  • বিজেপিৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ গীত গাই পোৱা ধন ঘূৰাই দিব জুবিনে
  • "ধৰ্ম নিৰপেক্ষতা আমাৰ দেশৰ চালিকা শক্তি।এই নীতি সদায় শক্তিশালী হৈ থকাটো বিচাৰোঁ।"-- ৰীমা দাস


 

গুৱাহাটীঃ ২০১৬ চনৰ নিৰ্বাচনত বিজেপিৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ বাবে গীত গাই পোৱা ধন ঘুৰাই দিবলৈ প্ৰস্তুত হৈছে অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ। উল্লেখযোগ্য যে নাগৰিকত্ব আইন সংশোধনী  বিধেয়কৰ বিৰোধীতা কৰি অসমৰ মুখ্যমন্ত্ৰী লৈ ৭ দিনৰ সময় সীমা বান্ধি দি  চিঠি লিখিছিল জুবিন গাৰ্গে৷ কিন্তু মুখ্যমন্ত্ৰীৰ পৰা  চিঠিৰ কোনো উত্তৰ নাপাই ক্ষুন্ন হৈছে জুবিন।


টুইটাৰত আজি জুবিনে এনেদৰে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে  

এইবাৰ জুবিনৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন , ‘‘মোৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ জোৰত ২০১৬ চনৰ নিৰ্বাচনত পোৱা ভোটবোৰ উভতাই দিব পাৰিবনে আপুনি ?’’  

নাগৰিকত্ব(সংশোধনী) বিধেয়কৰ বিৰুদ্ধে সমানে সোচ্চাৰ হৈছে অসমৰ এগৰাকী অতি প্ৰতিভাৱান ছিনেমা নিৰ্মাতা ৰীমা দাস। স্পষ্ট ভাষাৰে এই বিধেয়কৰ বিৰোধিতা কৰি ৰীমা দাসে কৈছে,"ধৰ্ম নিৰপেক্ষতা আমাৰ দেশৰ চালিকা শক্তি।এই নীতি সদায় শক্তিশালী হৈ থকাটো বিচাৰোঁ।"

নিজৰ ৰাজ্যখনৰ প্ৰতি, নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি, দেশৰ সংবিধান তথা ধৰ্ম নিৰপেক্ষতা নীতিৰ প্ৰতি প্ৰকাশ কৰা ভালপোৱা আৰু দায়বদ্ধতাৰ বাবে জুবিন গাৰ্গ আৰু ৰীমা দাসে মুকলিভাবে এই জাতিধংসী বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লাখ লাখ প্ৰতিবাদকাৰীৰ শক্তি বৃদ্ধি কৰিলে।

অসমৰ বাকী সকল শিল্পী সাহিত্যিকে নিৰ্ভীকভাৱে জুবিন ৰীমাৰ নিচিনাকৈ এই বিলখনৰ বিৰোধিতা কৰি নিজকে প্ৰকৃত অসমীয়া বুলি পৰিচয় দিবলৈ সাহস কৰিব পাৰিবনে ?